Job 16

ইয়োবৰ উত্তৰ।

1তোতিয়া ইয়োবে পুনৰায় উত্তৰ কৰি কলে, 2মই এইৰূপ অনেক কথা শুনিলো; তোমালোক সকলোৱেই দুখদায়ক শান্ত্বনাকাৰী। 3বায়ুতুল্য কথাৰ জানো কেতিয়াবা শেষ হয়? বা উত্তৰ দিবলৈ তোমাক উদগাইছে?

4মইও তোমালোকৰ দৰে উত্তৰ দিব পাৰোঁ; মোৰ প্ৰাণৰ সলনি যদি তোমালোকৰ প্ৰাণ হলেহেঁতেন, তেন্তে মইও তোমালোকৰ অহিতে কথা সাজিব পাৰিলোহেঁতেন, আৰু তোমালোকৰ বিৰুদ্ধে মূৰ জোকাৰিব পাৰিলোহেঁতেন; 5আৰু মই মুখেৰেহে তোমালোকক সবল কৰিলোহেঁতেন, আৰু মোৰ ওঠৰ শান্ত্বনাত তোমালোকৰ দুখৰ উপশম্হে হলহেঁতেন।

6মই কথা কলেও মোৰ ক্লেশৰ উপশম নহয়, আৰু নিমাতে থাকিলেও মোৰ কি দুখ গুচিব? 7কিন্তু তেওঁ এতিয়া মোৰ ক্লান্ত কৰিলে; তুমি মোৰ গোটেই পৰিয়াল উচ্ছন্ন কৰিলা। 8তুমি মোক আক্ৰমণ কৰিলা, সেয়ে মোৰ বিৰুদ্ধে সাক্ষী হৈছে; আৰু মোৰ কৃশতাই মোৰ অহিতে উঠি মোৰ সাক্ষাতে প্ৰমাণ দিছে।

9তেওঁ ক্ৰোধত মোক বিদাৰি পেলালে, আৰু তাড়নাও কৰিলে; তেওঁ মোলৈ দাঁত কৰচিলে; নোৰ শত্ৰূৱে মোৰ অহিতে চকু ৰঙা কৰে। 10লোকে মোৰ বিৰুদ্ধে মুখ মেলে; সিহঁতে ধিক্কাৰ দি মোৰ গালত চৰ মাৰে; সিহঁতে মোৰ অহিতে গোট খায়।

11ঈশ্বৰে মোক অধৰ্ম্মীৰ হাতত সমৰ্পণ কৰে, আৰু দুষ্টবোৰৰ হাতত পেলাই দিয়ে। 12মই শাস্তিৰে আছিলোঁ, কিন্তু তেওঁ মোক ভাঙি ডোখৰ ডোখৰ কৰিলে, এনে কি, মোৰ ডিঙিত ধৰি মোক ঠেকেচিলে; আৰু মোক নিজৰ কাঁড় মৰাৰ নিচান পাতিলে।

13তেওঁৰ ধনুৰ্দ্ধৰবিলাকে মোক আগুৰি ধৰে; তেওঁ দয়া নকৰি মোৰ কলিজা বিদাৰে; তেওঁ মোৰ পিত্ত মাটিত ঢালি দিয়ে। 14তেওঁ মোক বিন্ধাৰ ওপৰত বিন্ধা দি ভাঙে; তেওঁ বীৰৰ নিচিনাকৈ মোৰ বিৰুদ্ধে লৰি আহে।

15মই ছালৰ ওপৰত চট কাপোৰ সিয়াই ললোঁ, আৰু ধুলিৰে মোৰ শিং লেটিপেটি কৰিলোঁ। 16যদিও মোৰ হাতত অত্যচাৰ নাই, আৰু মোৰ প্ৰাথনাও পবিত্ৰ, 17তথাপি কান্দোতে কান্দোতে মোৰ মুখ বিকৃত হল, আৰু মৃত্যুচ্ছায়া মোৰ চকুৰ পিৰঠিৰ ওপৰত আছে।

18হে পৃথিবী, তুমি মোৰ তেজ নাঢাকিবা, আৰু মোৰ কাতৰোক্তিয়ে জিৰাবলৈ ঠাই নাপাওক। 19চোৱা, এতিয়াও মোৰ সাক্ষী স্বৰ্গত আছে, আৰু মোৰ পক্ষে প্ৰমাণ হিওঁতা জনা উচ্চস্থানত আছে।

20মোৰ বন্ধুবিলাকেই মোক নিন্দা কৰে; 21কিন্তু ঈশ্বৰে যে ঈশ্বৰৰ বিপুদ্ধে মানুহৰ পক্ষে, আৰু মনুষ্য-সন্তানৰ ওচৰ-চুবুৰীয়াৰ বিৰুদ্ধে, তাৰ পক্ষে বিচাৰ নিষ্পত্তি কৰিব, এই নিমিত্তে ঈশ্বৰৰ উদ্দেশে মোৰ চকুলো বৈছে। কিয়নো মোৰ অলপীয়া বছৰ কেইটা শেষ হৈছেহি; যি বাটেদি গলে উলটি নাহিম, তেনে বাটে যাম।

22

Copyright information for AsmULB